বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ বাবেহে অন্যান্য বাহন পথত ৰখাই থ’ব পাৰিব।
মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰত থাকিব কেৱল ৬ খন বাহন আৰু গুৱাহাটীৰ বাহিৰত থাকিব ১২ খন বাহন।
সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷
অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ বিষয়টো পৃথক।
জিলা পৰ্যায়ত মন্ত্ৰীসকলে কেৱল সম্বৰ্ধনাৰ নামত গছপুলি ৰোপন কৰিব পাৰিব।
বাজেট বৰ্হিভূত কোনো আঁচনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব৷
তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন।
প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব।
১০ মাৰ্চৰ পূবে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ।
১৪ মাৰ্চৰ পৰা বাজেট অধিবেশনৰ বাবে ৰাজ্যপালক অনুৰোধ।
স্বাস্থ্য মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে।