কভিডসৃষ্ট পৰিৱেশৰ মাজতেই বৃহস্পতিবাৰে আয়োজন কৰা হ’ল বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷ ২০২০ চনৰ ২৭ জানুৱাৰীত NDFB ৰ চাৰিওটা গোটৰ লগতে এবছু, ইউবিপিঅ’ নেতৃবৃন্দ আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ মাজত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷
উল্লেখ্য যে, দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি পুৱা দোতমাৰ থুলুংগাপুৰিৰ বডোফাৰ সমাধিক্ষেত্ৰ তথা কোকৰাঝাৰৰ ভাটিপাৰাস্থিত বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ আন কাৰ্যবাহী সদস্যসকলে শ্ৰদ্ধাঞ্জলি জনায় ৷