অসম সত্ৰ মহাসভাই অসম আৰু মেঘালয়ৰ মাজত প্ৰস্তাৱিত মাটিৰ আদান প্ৰদান নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। কাৰণ দুই ৰাজ্যৰ সীমা সমস্যাৰ সমাধানৰ বাবে প্ৰস্তাৱিত পদক্ষেপ কাৰ্যকৰী হ’লে অসমৰ ১১ সত্ৰ আৰু নামঘৰ মেঘালয় ৰাজ্যত সোমাব। উল্লেখযোগ্য যে, অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ চৰকাৰে সহমতত উপনীত হৈ এক সমাধান সূত্ৰ উলিয়াইছে আৰু সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰিছে। দুই ৰাজ্যৰ সীমাৰ পুনৰ নিৰ্ধাৰণ সংসদত আইন সংশোধনৰ জৰিয়তে কৰিব লাগিব।
আনহাতে, অসম সত্ৰ মহাসভাই অসমৰ ১১ সত্ৰ আৰু নামঘৰ মেঘালয়ক হস্তান্তৰ কৰাটো মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে। সীমান্তত থকা সত্ৰ আৰু নামঘৰসমূহ হৈছে লংচাইৰ নেত্বজাপা সত্ৰ, ঔগুৰিৰ বুঢ়া ভোগ দিয়া নামঘৰ, জিমিৰী গাঁওৰ নুনমাটি গোসাঁই নামঘৰ, ৰাণীবাৰী নামঘৰ, শলচেৰ নামঘৰ, বকলাপাৰাৰ বনস্পতি নামঘৰ, উমসুৰ নামঘৰ, মতেচৰ সত্ৰ, লুংখেৰ নামঘৰ আৰু ভালাখোৱাৰ সোণাৰী নামঘৰ।
মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই অসমৰ সত্ৰ, নামঘৰ মেঘালয়লৈ হস্তান্তৰ কৰিলে সমগ্ৰ অসম জুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি তেওঁ কয়– অসম চৰকাৰে কোনো ধৰণৰ মাটিৰ জৰীপ নকৰাকৈ মেঘালয়ক মাটি হস্তান্তৰ কৰিবলৈ ওলাইছে। সীমা সমস্যাৰ নামত অসম চৰকাৰে লোৱা এই পদক্ষেপক গৰিহণা দিছে মহন্তই।