ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলিওৱা কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আন আন দল সংগঠনৰ লগতে বৃহস্পতিবাৰে যুৱ কংগ্ৰেছেও সাব্যস্ত কৰে প্ৰতিবাদ। কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰৰ যুৱ কংগ্ৰেছে ৰাজীৱ ভৱনত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
কীৰ্তিকমলৰ উচিত ন্যায়ৰ দাবীৰে উত্তাল কৰি তোলে ৰাজীৱ ভৱন চৌহদ। উপায়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ দিয়াৰ কথা আছিল যদিও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজীৱ ভৱনতে সীমাবদ্ধ থাকে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।
যুৱ কংগ্ৰেছৰ নেত্রী অংকিতা দত্তই বেৰীকেট ভাঙি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰাৰ বাবে আটক কৰে আৰক্ষীয়ে। অংকিতাৰ লগতে আন আন প্ৰতিবাদকাৰীকো আটক কৰে দিছপুৰ আৰক্ষীয়ে। প্ৰতিবাদস্থলীৰ পৰাই যুৱ কংগ্ৰেছৰ সভানেত্রীৰ প্ৰত্যুত্তৰ, অসমখন উত্তৰ প্ৰদেশৰ নিচিনা সজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰক্ষীয়ে, অসমত বেআইনীভাৱে গুলীওৱা নচলিব। আনহাতে, এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমিটিয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। লগতে ২৮ জানুৱাৰীত ৰাজহুৱাভাৱে এই তদন্তৰ প্ৰতিবেদন ঘোষণা কৰা হব বুলিও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে।