“অসমৰ মহিলাই বৰ বেয়াকৈ কোবাই কোবাই খেদিব কংগ্ৰেছক । কংগ্ৰেছক গাঁৱত সোমাবলৈয়ে নিদিব মহিলাই ।’’ বৃহস্পতিবাৰে লখিমপুৰত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
লখিমপুৰত উপস্থিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰী পিযুষ হাজৰিকা । ড্ৰাগছ বেপাৰী, চোৰ, ডকাইত,ধৰ্ষণকাৰীৰ পৰা ৰাজ্যখনক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বচাবলৈ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছে এইক্ষেত্ৰত বিধিপথালি দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
বৃহস্পতিবাৰে লখিমপুৰৰ জহিঙত নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছক আক্ৰমণ কৰি কংগ্ৰেছ দলক ৰাইজে এনেবোৰ কাৰণতে বাৰে বাৰে ক্ষমতাৰ পৰা আঁতৰাই ৰখা বুলি মন্তব্য কৰে।
উল্লেখ্য যে, সীমা সমস্যাও কংগ্ৰেছৰেই অৱদান আৰু এনে অৱদানৰ বাবে বিজেপি চৰকাৰে এতিয়া প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে বুলিও তীব্ৰ সমালোচনা কৰে । ইপিনে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আদি ।