ৰাজ্যত এনকাউণ্টাৰ নহয়, পুলিচৰ একচন চলিছে। এই মন্তব্য কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে আৰক্ষীৰ গুলী চালনা চলিছে। অপৰাধ নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাতে গুলী চালনাৰ ঘটনা সংঘটিত কৰিছে।
আৰক্ষীৰ গুলীত বহু অভিযুক্তৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। আৰক্ষীয়ে অপৰাধীলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ বাবে যথেষ্ট বিতৰ্কৰ সন্মুখীনো হৈছে। ভুৱা এনকাণ্টাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত চলি আছে শুনানি। এনে পৰিস্থিতিত আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীৰ এই মন্তব্যই এতিয়া নতুন বিতৰ্কৰ সূচনা কৰাৰ সম্ভাৱনাই দেখা দিছে।
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ বাবেই শতাধিক অভিযুক্তক আৰক্ষীয়ে গুলীয়াইছে আৰু এনে পৰিস্থিতিত আৰক্ষীৰ গুলী চালনাক ‘একচন’ বুলি কোৱা বিষয়টো যথেষ্ট চিন্তনীয়।
ইফালে নগাওঁ ঘটনাৰ তদন্ত আব্যাহত আছে বুলিও উল্লেখ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে। উল্লেখ্য যে, কাহিলিপাৰাত অনুষ্ঠিত হোৱা আৰক্ষীৰ এক অনুষ্ঠানত এই মন্তব্য কৰিছে ভাস্কৰ জ্যোতি মহন্তই।