কোভিডৰ তৃতীয় ঢৌ, লক্ডাউনৰ দীঘলীয়া কুপ্ৰভাৱ, নিবনুৱাৰ ক্ষোভ, মন্থৰ বিকাশ আদিৰে ভাৰাক্ৰান্ত ভাৰতীয় অৰ্থনীতি ৷ তাৰ মাজে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ৷ ব্যাপক প্ৰত্যাহ্বানৰ মাজত বিত্তমন্ত্ৰীগৰাকীয়ে বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ প্ৰতি সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ৷
বিশেষজ্ঞসকলে কেন্দ্ৰীয় বাজেটত কোভিডৰ লগতে অৰ্থনৈতিক বিপৰ্যয়ে জুৰুলা কৰা সৰ্বসাধাৰণৰ বাবে কেনেধৰণৰ ঘোষণা কৰিব পাৰে তাক লৈ বিভিন্ন অনুমান কৰিছে ৷
প্ৰত্যেক বাজেটত সকলোৰে দৃষ্টি থাকে আয়কৰ ৰেহাইৰ দিশে ৷ এইবাৰৰ বাজেটত আয়কৰ ৰেহাইৰ মৌলিক সীমা ২.৫ লাখ টকাৰ পৰা ৩ লাখ টকালৈকে বৃদ্ধিৰ আশা কৰা হৈছে ৷ লগতে জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এই সীমা ৩ লাখৰ পৰা ৩.৫ লাখ টকালৈ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে ৷
শীৰ্ষ আয়কৰ সীমাও ১৫ লাখ টকাৰ বেছি কৰা হ’ব বুলি আশা কৰিছে বিশেষজ্ঞই ৷
গৃহঋণৰ প্ৰিন্সিপাল পৰিশোধৰ ক্ষেত্ৰত আয়কৰ আইনৰ ৮০চি দফাৰ অধীনত বাৰ্ষিক কৰ কৰ্তনৰ সীমা বৃদ্ধি কৰা হ’ব পাৰে ৷ বৰ্তমানৰ সীমা ২লাখৰ পৰা ৫ লাখ টকা কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে ৷ সন্তানৰ শিক্ষাৰ বাবদ কৰা সঞ্চয়ক কৰমুক্ত কৰাৰো দাবী আছে ৷
কোভিডৰ বাবে স্বাভাৱিক হৈ পৰা ৱৰ্ক ফ্ৰম হোম পদ্ধতিৰে কাম কৰাসকলৰ বাবে অতিৰিক্ত ৫০হাজাৰ টকা পৰ্যন্ত আয়কৰ ৰেহাইৰ আশা কৰা হৈছে ৷
চৰকাৰে এই বাজেটতো monetizationৰদ্বাৰা ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব ৷ বাজেটত পুনৰ এই সংক্ৰান্তীয় ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
দেশত নিবনুৱাৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি হোৱাৰ সময়ত সংস্থাপন বৃদ্ধিৰ বিভিন্ন আঁচনি ঘোষণা কৰাৰ আশা কৰা হৈছে ৷
কোভিড পৰিস্থিতিয়ে স্থবিৰ কৰা গ্ৰাম্য অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কৃষি আৰু এমএছএমই উদ্যোগক সকাহ দি এলানি ঘোষণা হ’ব পাৰে ৷
কোভিডে বিধ্বস্ত কৰা স্বাস্থ্যখণ্ডৰ বাবে বাজেটত এইবাৰ ধন বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে ৷ স্বাস্থ্য বীমাৰ ক্ষেত্ৰত কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হ’ব বুলিও আশা কৰা হৈছে ৷
দৰিদ্ৰ তথা নিম্ন মধ্যবিত্তৰ সহায়ক হোৱাকৈ ৰেল বাজেটত ১৫-২০ শতাংশ অধিক ধন আবন্টন হ’ব বুলি গুণাগথা চলিছে ৷