আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত বিত্তমন্ত্ৰী নীৰ্মলা সীতৰমনে অৰ্থনৈতিক সমীক্ষা উত্থাপিত কৰে। লোকসভাত উত্থাপিত অৰ্থনৈতিক সমীক্ষা অনুসৰি, পৰৱৰ্তী বিত্তীয় বৰ্ষত ৮ ৰ পৰা ৮.৫ শতাংশ জিডিপি বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা উত্থাপিত কৰাৰ পিছতে লোকসভা মঙলবাৰৰ পুৱা ১১ বজালৈকে স্থগিত ৰখা হয়।
লোকসভাৰ পিছত এই অৰ্থনৈতিক সমীক্ষা ৰাজ্যসভাত উত্থাপন কৰা হয়। মঙলবাৰে পুৱা ১১ বজাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী চৰকাৰৰ দশম বাজেট আৰু তেওঁৰ কাৰ্যকালৰ চতুৰ্থ বাজেট উপস্থাপন কৰিব। এইবাৰো বাজেট যোৱা বছৰৰ দৰে কাগজবিহীন হ’ব।
অৰ্থনৈতিক সমীক্ষাৰ অৰ্থ হৈছে, যোৱা এবছৰত দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ এক বিৱৰণ। এই সমীক্ষাই দেখুৱায় যে, যোৱা এবছৰত দেশত কিমান উন্নয়ন ঘটিছিল আৰু কিমান টকা খৰচ কৰা হৈছিল। এই সমীক্ষাৰ জৰিয়তে ইয়াক পুনৰীক্ষণ কৰা হয়। এই জৰীপৰ পৰা দেশৰ জিডিপিও অনুমান কৰা হৈছে। উল্লেখ্য যে, ক’ভিড পৰিস্থিতৰ বাবে বাজেট অধিৱেশনক ৩ টা পৰ্যায়ত বিভক্ত কৰা হৈছে।