- সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট ।
- বাজেটত লোৱা হৈছে সামগ্ৰিক কল্যাণৰ লক্ষ্য ।
- এবছৰত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য ।
- দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২ শতাংশ কৰাৰ লক্ষ্য ।
- অনাগত 25 টা বৰ্ষৰ বুনিয়াদ নিৰ্মাণ হ’ব ।
- এই বাজেটত ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য ।
- আইটি খণ্ডক দিয়া হ’ব বিশেষ গুৰুত্ব ।
- মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনত দিয়া হ’ব বিশেষ গুৰুত্ব ।
- উত্তৰ-পূৱৰ উন্নতিৰ ক্ষেত্ৰত দিয়া হ’ব বিশেষ গুৰুত্ব ।
- দেশৰ জনতাৰ জীৱন শৈলীৰ উন্নীতকৰণৰ লগতে আন্তঃ গাঠনিৰ বিকাশত বিশেষ গুৰুত্ব ।
- MSP ৰ জৰিয়তে দেশৰ কৃষকৰ শস্য ক্ৰয় কৰা হ’ব ।
- ৬০ লাখ অতিৰিক্ত সংস্থাপনৰ চিন্তা ।
- নগৰীয়া জীৱন-যাপন শৈলীৰ উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদানৰ লক্ষ্য ।
- ১.৫ লাখ ডাকঘৰৰ ১০০% মূল বেংকিং প্ৰণালীত অন্তৰ্ভূক্ত হ’ব , যাৰ ফলত নেট বেঙ্কিং, ম’বাইল বেঙ্কিং, এটিএমৰ জৰিয়তে একাউন্টত access সম্ভৱ হ’ব ।
- ডাকঘৰ একাউণ্ট আৰু বেংক একাউণ্টৰ মাজত অনলাইন পুঁজি স্থানান্তৰ সম্ভৱ হ’ব ।
- ২০২২-২৩ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চিনাক্ত হিতাধিকাৰীসকলৰ বাবে ৮০ লাখ ঘৰ নিৰ্মাণ হ’ব ।
- গ্ৰাম্য আৰু নগৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী হিচাপে ৬০,০০০ ঘৰ চিনাক্ত কৰা হ’ব ।
- ব্যক্তিগত টেলিকম সেৱা প্ৰদানকাৰী কোম্পেনীৰ দ্বাৰা ৫জি মোবাইল সেৱা আৰম্ভ কৰাৰ বাবে ২০২২ চনত প্ৰয়োজনীয় স্পেকট্ৰাম নিলাম অনুষ্ঠিত কৰা হ’ব
- পৰ্যটনক্ষেত্ৰৰ প্ৰচাৰৰ উপৰিও সংযোগ উন্নত কৰাৰ লক্ষ্যৰে পিপিপি মোডত ৰাষ্ট্ৰীয় ৰোপৱে উন্নয়ন প্ৰগ্ৰেম গ্ৰহণ কৰা হ’ব
- ব্লকচেইন ব্যৱহাৰ কৰি, ২০২৩ চনত আৰবিআইয়ে মুকলি কৰিব ডিজিটেল টকা ।
- কৰদাতাসকলে এতিয়া 2 বছৰৰ ভিতৰত আই-টি ৰিটাৰ্ণ আপডেট কৰিব পাৰে ।
- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কৰ কৰ্তনৰ সীমা 10% ৰ পৰা 14% লৈ বৃদ্ধি কৰা হ’ব।
- ভাৰ্চুৱেল ডিজিটেল সম্পদৰ পৰা উপাৰ্জনৰ ওপৰত 30% কৰ আৰোপ কৰা হ’ব।
- জানুৱাৰী 2022 মাহত মুঠ জিএছটি সংগ্ৰহ হৈছে 1,40,986 কোটি টকা, জিএছটি আৰম্ভ হোৱাৰ পিছত এয়াই সৰ্বাধিক কৰ সংগ্ৰহ ।