ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে অৱশেষত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে। বিগত প্ৰায় এটা দশক ধৰি বৰলুইতৰ জলধাৰাই ঢকুৱাখনা আৰু মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি-টেকেলিফুটা মথাউৰীৰ নদী পাৰৰ বিভিন্ন অংশত শিহৰণকাৰী গৰাখহনীয়া সৃষ্টি কৰি নদীপৰিয়াৰ বিস্তৰ ঘৰ বাৰী,কৃষি ভূমি নিঃশেষ কৰি আহি চিচি টেকেলিফুটা মথাউৰীলৈ চৰম ভাবুকি নমাই আনিছিল।
ঢকুৱাখনাবাসীৰ নিদ্ৰা হৰণকাৰী ভয়াবহ গৰা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে দল মত নিৰ্বিশেষে ৰাইজ একত্ৰিত হৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক তাৎক্ষণিক কার্যব্যৱস্থা গ্ৰহণৰ বাবে আবেদন কৰি আহিছিল। ভুক্তভোগী ৰাইজৰ দাবী আৰু মিচিং জাতীয় সংগঠনৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে চলিত বৰ্ষত প্ৰায় ১০ কোটি টকা আৱন্তন দিছে।
ৰাজ্য চৰকাৰৰ এছ অ পি দি (এফ দি আৰ) শিতানত আবন্তিত এই ১০ কোটি পুঁজিৰে বান্দেনাৰ পৰা বাঘচুক পৰ্যন্ত সমগ্ৰ খহনীয়া বিদ্ধস্ত নদীপৰিয়া এলেকা আৰ চি চি পৰ্কিউপাইন আৰু জিও বেগৰ প্ৰতিৰোধ আঁচনি ৰূপায়িত কৰিব ঢকুৱাখনা জলসম্পদ বিভাগে। এটা দীৰ্ঘদিনীয়া জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ এনে সদিচ্ছাৰ সমান্তৰাল ভাৱে আঁচনিখনৰ সফল আৰু নিখুঁত ৰূপায়নৰ বাবে বৃহস্পতি বাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় বান্দেনা তিনি আলিত। বহু ৰাইজ উপস্থিত থকা সভাত জলসম্পদ বিভাগে আঁচনিখনৰ সফল ৰূপায়ণত সৰ্বশ্ৰেণী ৰাইজৰ নিঃস্বাৰ্থ সহায় সহযোগিতা আৰু আন্তৰিকতা কামনা কৰে।