ক্ৰমাৎ হিংসাত্মক হৈ পৰিছে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পৰিৱেশ। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ মিৰাটত লোকসভাৰ সাংসদ আছাউদ্দিন ওৱেচিৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ পিছত, কেন্দ্ৰীয় চৰকাৰে AIMIMৰ মুৰব্বীগৰাকীক তাৎক্ষণিক ভাৱে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) জেড শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, পশ্চিম উত্তৰ প্ৰদেশত এখন নিৰ্বাচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীলৈ উভতি অহাৰ সময়ত হাপুৰত ওৱেইছিৰ গাড়ীলৈ গুলী চালনা কৰাৰ এদিন পিছতে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (AIMIM)ৰ মুৰব্বীজনক ‘জেড’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
ঘটনাটোত কোনো লোক আহত হোৱা নাই যদিও ওৱেইছিয়ে নিৰ্বাচন আয়োগক ঘটনাটোৰ সু-তদন্ত কৰিবলৈ আহ্বান জনাইছিল। উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্য়ে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হাপুৰৰ আৰক্ষী অধীক্ষকে ঘটনাটোৰ ক্ষীপ্ৰ গতিত তদন্ত চলি আছে বুলি জনাইছে। লগতে ওৱেইছিৰ “হিন্দু বিৰোধী” মন্তব্যই অপৰাধীক ঘটনা সন্দৰ্ভত উচতাইছিল বুলিও আৰক্ষী অধীক্ষজনে জানিবলৈ দিয়ে। আনহাতে, ইয়াৰ পূৰ্বে AIMIMৰ নেতা ইমতিয়াজ জলিলে লোকসভাত ওৱেইছিৰ গাড়ীত গুলীচালনাৰ বিষয়টো উত্থাপন কৰি অপৰাধীৰ সৈতে মোকাবিলা কৰাত কোনো পক্ষপাতিত্বতা থাকিব নালাগে আৰু অপৰাধীৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা লোৱা উচিত বুলি কৈছিল।
জলিলে টুইটাৰযোগে জনাইছিল যে, সমগ্ৰ দেশৰ AIMIMৰ সকলো গোটে শুক্ৰবাৰে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। “সমগ্ৰ দেশৰ সকলো এআইএমআইএম গোটে শুক্ৰবাৰে শান্তিপূৰ্ণ প্ৰতিবাদ পঞ্জীয়ন কৰিব আৰু আছাদুদ্দিন ওৱেইছিৰ ওপৰত হোৱা আক্ৰমণৰ পুংখানুপুংখ তদন্ত বিচাৰি সংশ্লিষ্ট ডিএম/আয়ুক্তসকলক এখন স্মাৰকপত্ৰ দাখিল কৰিব”।
উল্লেখ্য যে, ৪০৩ খন বিধানসভা আসনৰ বাবে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ভোটগণনা অনুষ্ঠিত হ’ব ১০ মাৰ্চত।