ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত এছেজ ক্ৰিকেট শৃংখলাত শোচনীয় পৰাজয়ৰ পাছতেই ইংলেণ্ড দলৰ প্ৰশিক্ষক ক্ৰিছ চিলভাৰউডে পদত্যাগ কৰাৰ কথা জানিব পৰা গৈছে । চিলভাৰউডৰ পদত্যাগৰ আগে আগে বুধবাৰে ইংলেণ্ডৰ ক্ৰিকেটৰ সঞ্চালক এচ্লি গিলচে নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল ।
বিগত দুটা বছৰ যথেষ্ট প্ৰত্যাহ্বানজনক আছিল যদিও সঁচাকৈয়ে দলৰ সকলোৰে সৈতে মোৰ সময়খিনি উপভোগ কৰিলো ।” এই মন্তব্য চিলভাৰউডৰ।
জানিব পৰা মতে শীঘ্ৰেই আন এজন প্ৰশিক্ষকক দলত নিযুক্তি দিয়া হ’ব যাতে ইংলেণ্ডে ৱেষ্ট ইণ্ডিজৰ সৈতে হ’বলগীয়া টেষ্ট শৃংখলাত ভাল প্ৰদৰ্শন কৰিব পাৰে । ”
উল্লেখ্য যে, প্ৰশিক্ষক ক্ৰিছৰ নেতৃত্বত ইংলেণ্ড দলে হোৱাইট বল প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ দলটোৱে দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ সৈতে টেষ্ট চিৰিজৰ শৃংখলা জয় কৰিবলৈ সক্ষম হয় ।