কেৱল ভাৰতকেই নহয়, সমগ্ৰ বিশ্বকে নিজৰ কুকিল কণ্ঠৰে মোহচন্ন কৰি ৰখা গায়িকা লতা মংগেশকাৰ আৰু নাই। লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত। লতাজীয়ে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলে, উষা মংগেশকাৰৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতা দিদিয়ে সক্ৰিয়ভাৱে কাম কৰিছে। সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল।
মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক দীননাথ মংগেশকাৰ আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। প্ৰায় ৭ বছৰ বয়সৰ পৰা লতাজী মহাৰাষ্ট্ৰত বাস কৰি আহিছিল।
৮ দশকজুৰি ৩০টাতকৈও অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আজিও আধিপত্য বজাই ৰাখিছিল লতাদীয়ে। লতা মংগেশকাৰৰ প্ৰকৃত নাম আছিল হেমা।
সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰৱল আগ্ৰহী লতাই ১৩ বছৰ বয়সতে হেৰুৱাইছিল পিতৃক। পিতৃৰ মৃত্যুৰ পিছত ডাঙৰ জী হিচাপে ঘৰৰ সমস্ত দায়িত্ব কান্ধ পাতি লৈছিল তেঁও। আৰ্থিক নাটনিৰ বাবে লতাদীয়ে ছবিত অভিনয় কৰিবলৈও আৰম্ভ কৰিছিল। ১৯৪২ চনত তেও প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল ‘পাহিলী মঙ্গাগৌৰ’। একেটা বছৰতে তেঁও মাৰাঠী ছবি ‘কিতী হচাল’ত কন্ঠ নিগৰাইছিল।
তেতিয়াৰে পৰা আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই মেলডী কুইনখ্যাত লতাজী। সংগীতক সাৰথি কৰি আজীৱন অবিবাহিত এই মহান শিল্পী গৰাকীয়ে সুধাকন্ঠ ভূপেন হাজৰিকাৰ সৈতে কেইবাটাও অসমীয়া গীততো কন্ঠ নিগৰাইছিল।
লতা মংগেশকাৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ দেশবাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়- ‘লতাজীৰ মৃত্যুয়ে এক শূণ্যতাৰ সৃষ্টি কৰিলে। ইয়াৰ পূৰণ কেতিয়াও কোনোৱে কৰিব নোৱাৰে’।
আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও – ‘এয়া অতি পীড়াজনক খবৰ’ বুলি দুখ প্ৰকাশ কৰিলে ৰাষ্ট্ৰপতিয়ে।