বি আৰ চোপ্ৰাৰ ধাৰাবাহিক মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। বিশাল উচ্চতাৰ বাবে জনাজাত আছিল প্ৰবীণ। বলীউডৰ বহুতো চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চবতি প্ৰায় ৬.৫ ফুট ওখ। অভিনেতাজন আছিল পঞ্জাৱৰ বাসিন্দা।
অভিনয়ত প্ৰৱেশ কৰাৰ আগতে প্ৰবীণ এজন হেমৰ আৰু ডিচকাচ থ্ৰো এথলীট আছিল। তেওঁ এছিয়ান গেমছত চাৰিটা পদক (২ টা সোণ, ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ) জিকিছিল। তেওঁ দুখন অলিম্পিক গেমছ (১৯৬৮ মেক্সিকো গেমছ আৰু ১৯৭২ মিউনিখ গেমছ)ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অৰ্জুন বঁটা প্ৰাপকো আছিল। খেলৰ বাবেই প্ৰবীণ কুমাৰে সীমান্ত সুৰক্ষা বাহিনীত (BSF) উপ-কমাণ্ডেণ্টৰ চাকৰি লাভ কৰিছিল।
প্ৰবীণে ৭০ৰ দশকৰ শেষৰ ফালে মনোৰঞ্জনৰ পৃথিৱীত ভৰি দিছিল। দ্য টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত প্ৰবীণে তেওঁৰ প্ৰথমখন বলীউড ছবিত স্বাক্ষৰ কৰাৰ সময়ত কাশ্মীৰত এখন টুৰ্ণামেণ্টত খেলি আছিল। তেওঁ প্ৰথম ৰবিকান্ত নাগাইচৰ নিৰ্দেশনাত অভিনয় কৰিছিল য’ত তেওঁৰ কোনো সংলাপ নাছিল।