গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFৰ তৎপৰতাত সুদূৰ হাইদৰাবাদৰ এজন যাত্ৰীয়ে হেৰোৱা ধন ঘুৰাই পাই ভূয়সী প্ৰশংসা কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষক।
জানিব পৰা মতে, ৬ ফেব্ৰুৱাৰীত হাইদৰাবাদৰ আজমীৰা শিৱাজী নামৰ যাত্ৰীজনে হাইদৰাবাদলৈ যাত্ৰা কৰিবলৈ গুৱাহাটী বিমান বন্দৰত উপস্থিত হয়। বিমান উৰণৰ নিৰ্ধাৰীত সময়ৰ বহু আগতেই আহি উপস্থিত হোৱাৰ বাবে প্ৰিমিয়াছ লাউঞ্জত খাদ্য গ্ৰহণ কৰি চিগাৰেট সেৱনৰ বাবে স্ম’কিং জনলৈ যায় শিবাজী। তাতে তেওঁ অজ্ঞাতে মানিবেগটো এৰি থৈ আহে। তেনেতে তেওঁ CISFৰ তৰফৰ পৰা এটা ফোন কল পায় আৰু তৎক্ষনাত তেওঁলোকক লগ কৰি মানীবেগটোৰ লগতে নগদ ধনখিনি ঘূৰাই লয়। এই সন্দৰ্ভৰ্ত আজমীৰা শিৱাজীয়ে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰিচালনা বিভাগৰ লগতে CISFৰ কৰ্মীক ভূয়সী প্ৰশংসা কৰে। লগতে কয় যে এনে সু-নিৰাপত্তা আৰু সুৰক্ষা প্ৰদানে যাত্ৰীসকলৰ মনত ভীতিৰ বিপৰীতে নিৰাপদ ভাৱৰ সঞ্চাৰ কৰিব বুলি সদৰি কৰে।