চান্দা সংস্কৃতিক লৈ বিশেষ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। সংবাদ মাধ্যমৰ আগত জয়ন্ত মল্ল বৰুৱাই কয় যে, চান্দা সংস্কৃতিক লৈ অপপ্ৰচাৰ চলিছে।প্ৰকৃততে বলপূৰ্বক চান্দা সংস্কৃতি বন্ধ কৰাৰহে পোষকতা কৰা হৈছে। ইচ্ছানুসৰি দিয়া চান্দাক লৈ আপত্তি নাই। চান্দাৰ সৰহসংখ্যক ধন কমিটীলৈ নাযায়, চান্দা উঠোৱাসকলেহে ভাগ পায়। চান্দা লৈ চলি থকা সকলেহে বলপূৰ্বক চান্দা ভাল পাই।
জয়ন্ত মল্ল বৰুৱাই কয় যে চান্দা তোলা সকলেই সৰহ সংখ্যক পইচা লৈ যায়। চান্দাৰ সকলো টকা বিহু কমিটীলৈ নাযায়। ইপিনে চান্দা সংস্কৃতিৰ পৰা ওলাই আহি গাহৰি পুহিবলৈ আহ্বান বৰুৱাৰ।
তেওঁ কয়, জুবিনৰো হয়তো বুজাত অসুবিধা হৈছে। জুবিনেও বলপূৰ্বক চান্দাৰ হয়তো পোষকতা নকৰে। চান্দা উঠোৱাসকলেহে বেয়া পাইছে। চান্দা সংস্কৃতিৰ পৰা ওলাই আহি ট্ৰেক্টৰ চলাব লাগিব অসমীয়া জাতিয়ে, গাহৰি পুহিব লাগিব, আদৰ্শ হ’ব লাগিব গৰুখুটি। ৩ মাহ ৪ মাহ বিহু পাতিব নালাগে বুলিও মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।