ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বাবে তপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল। ইয়াৰ মাজতে উত্তৰপ্ৰদেশত ৰাজনৈতিক দলসমূহৰ মাজত বেছি আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক নেতাসকলৰ মাজৰ বাকযুদ্ধই।
ক’ভিড-১৯ মহামাৰীৰ সময়ত নিজ নিজ চৰকাৰৰ লকডাউন ব্যৱস্থাপনাক লৈ সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰ যুদ্ধত লিপ্ত হয়।
টুইটাৰযোগে যোগী আদিত্যনাথে টুইট কৰে, “শুনা কেজৰিৱাল, ক’ৰোনা সন্ত্ৰাসৰ সময়ত যেতিয়া সমগ্ৰ মানৱজাতিয়ে হাহাকাৰ কৰি আছিল তেতিয়াই আপুনি উত্তৰ প্ৰদেশৰ লোকক দিল্লী এৰিবলৈ বাধ্য কৰিছিল। আপোনাৰ চৰকাৰে আনকি সৰু ল’ৰা ছোৱালী আৰু মহিলাসকলকো মাজনিশা উত্তৰ প্ৰদেশ সীমান্তত অসহায় কৰি ৰখাৰ দৰে এক অগণতান্ত্ৰিক আৰু অমানৱীয় কাম কৰিছিল। আমি আপোনাক মানৱতাৰ বিশ্বাসঘাতক বুলি ক’ব লাগে নে…”
অৰৱিন্দ কেজৰিৱালক “মিথ্যাবাদী” বুলি অভিহিত কৰি যোগী আদিত্যনাথে লগতে কয়, “বিদ্যুৎ-পানীৰ সংযোগ কৰ্তন কৰাৰ লগতে শুই থকা লোকসকলক উঠাই বাছেৰে উত্তৰপ্ৰদেশ সীমান্তলৈ প্ৰেৰণ কৰা হৈছিল। ঘোষণা কৰা হৈছিল যে, বাছবোৰ আনন্দ বিহাৰলৈ গৈ আছে, ইয়াৰ বাহিৰেও উত্তৰ প্ৰদেশ-বিহাৰৰ বাবে বাছ উপলব্ধ হ’ব। উত্তৰ প্ৰদেশ চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে বাছৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকক সুৰক্ষিতভাৱে ঘূৰাই আনিছিল।”
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অৰবিন্দ কেজৰিৱালে কয়, “যোগী শুনা, উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ মৃতদেহ নদীত ভাহি থকাৰ সময়তে আপুনি কোটি কোটি টকা খৰচ কৰি টাইমছ আলোচনীত নিজৰ মিছা প্ৰশংসাৰে বিজ্ঞাপন দি আছিল। মই কেতিয়াও আপোনাৰ দৰে হৃদয়হীন আৰু নিষ্ঠুৰ শাসক দেখা নাই।