অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত সন্ধানহীন হৈ থকা ৭ জোৱানৰ নশ্বৰদেহ অৱশেষত উদ্ধাৰ কৰা হয়। বিগত ৰবিবাৰে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত তুষাৰস্খলনত আৱদ্ধ হৈ পৰিছিল বহু কেইজন ভাৰতীয় সেনা জোৱান। ইয়াৰে ৭ জন জোৱান তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল আৰু তেওঁলোকক উদ্ধাৰৰ বাবে সেনাৰ তৰফৰ পৰা জোৰদাৰ অভিযান অব্যাহত ৰাখিছিল।
অৱশেষত মঙ্গলবাৰে কামেঙ সীমান্তৰ জাংগাবস্তিৰ মামিংহাট এলেকাত সন্ধানহীন হৈ থকা আটাইকেইজন সেনা জোৱানৰ নশ্বৰদেহ উদ্ধাৰ কৰে উদ্ধাকাৰী দলে। প্ৰায় ১৪ হাজাৰ ৫০০ ফুট উচ্চতাত দেশৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা এই সেনা জোৱান কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত শোকৰ ছাঁ পৰিছে।