বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা মঙল সন্ধিয়া অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ লগতে সত্ৰনগৰী বৰপেটাবাসীক ৷ তেখেতক স্বাস্থ্য পৰীক্ষাৰ বাবে কিছুদিন পূৰ্বে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতাললৈ নিয়া সময়তে যকৃতৰ ৰোগত আক্ৰান্ত হোৱাটো পৰীক্ষাত ধৰা পৰিছিল ৷ দেওবাৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে কিছু অসুস্থ অনুভৱ কৰাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল ৷
চিকিৎসাৰ অন্তত তেওঁ কিছু সুস্থ হৈ উঠে যদিও মঙ্গলবাৰে পুনৰ তেওঁ অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যায় ৷ চিকিৎসকে বুঢ়াসত্ৰীয়া গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি সন্ধিয়া প্ৰায় ৭•৩০ বজাত উন্নত চিকিৎসাৰ বাবে এম্বুলেন্সযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ বুঢ়াসত্ৰীয়া গৰাকীৰ অসুস্থ হৈ পৰা খবৰ শুনি চিন্তিত হৈ পৰিছে সত্ৰ পৰিচালনা সমিতিৰ লগতে বৰপেটাবাসী বৰপেটা সত্ৰ পৰিচালনা সমিতি, ডেকাসত্ৰীয়া গৌতম পাঠক, তাঁতীকুছি, বৰপেটাকে ধৰি বিভিন্ন দল সংগঠনে বুঢ়াসত্ৰীয়া গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷