প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমলক ড্ৰাগছ কাণ্ডৰে সাঙুৰি নিজৰ দোষ ঢকাৰ চেষ্টা অব্যাহত ৰাখিছে আনন্দ মিশ্ৰই। আজি এক সংবাদমেলযোগে আনন্দ মিশ্ৰই কয় যে, “ড্ৰাগছ বিৰোধী অভিযানক নিষ্ক্ৰিয় কৰিবলৈ এইয়া একাংশৰ ষড়যন্ত্ৰ। আৱেগ আৰু ৰাজনৈতিক হেঁচাত সিদ্ধান্ত ল’লে নহ’ব। সত্য এতিয়াও এন্ধাৰত আছে।”
উল্লেখ্য যে, নগাঁৱৰ এণ্টি নাৰ্ক’টিক স্কোৱাডৰ মূল ব্যক্তি আছিল আনন্দ মিশ্ৰ।নগাঁও কাণ্ডৰ চৰকাৰী তদন্ততে আৰক্ষীৰ ভুল প্ৰমাণিত হোৱাৰ পাছত জবাবদিহি হ’বলগীয়া হৈছে অসম আৰক্ষীৰ বৰমূৰীয়াসকল। এই গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ বণিয়াক তাৎক্ষণিক ভাৱে নিলম্বন কৰা হৈছে লগতে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডো ভংগ কৰি দিয়া হয় আৰু তাৰ আন আন সদস্যসকলক তৎকালীনভাৱে বদলি কৰা হৈছে।
বৰ্তমান এই ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছে। চিবিআইৰ তদন্ত নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ স্বাৰ্থতে আৰক্ষী অধীক্ষক মিশ্ৰক বদলি কৰাটো প্ৰয়োজন বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।