ৰাজনৈতিক নেতাৰ মহিমা। কেতিয়াবা বাকযুদ্ধ, কেতিয়াবা টুইটাৰত যুদ্ধ, কেতিয়াবা আকৌ কবিতা-গানৰ মাধ্যমেৰেও চলে ৰাজনৈতিক যুদ্ধ। কবিতাৰে সমালোচনা কৰাৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গান লিখি গাই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাৰ এই গানে এতিয়া শাসকীয় BJPৰ গা জ্বলাইছে৷
মংগলবাৰে ভূপেন বৰাই গানটো গোৱাৰ পিছতে বুধবাৰে ভূপেনক উভটি ধৰিলে শাসকীয় BJPৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই৷ জয়ন্তৰ দাবী- “কবি হ’ব নোৱাৰি এইবাৰ গান লিখিছে ভূপেন বৰাই৷ ভূপেন বৰাৰ বেসুৰা গান কোনেও নুশুনে৷ নিৰ্বাচনত তিনিবাৰ হাৰি কবিতা-গান লিখিছে ভূপেনে৷” ইমানতে শান্ত নাথাকিল জয়ন্ত মল্ল বৰুৱা৷ ভূপেন বৰাক উদ্দেশ্যি জয়ন্তই ক’লে- “ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে চান্দা সংস্কৃতিৰ লগত জড়িত আছিল বৰা৷”
জয়ন্ত মল্ল বৰুৱাৰ পিছত ভূপেন বৰাক উভটি ধৰিলে BJPৰ আন এজন বিধায়ক দিগন্ত কলিতাই৷ দিগন্ত কলিতাই ক’লে- “ভূপেন বৰাৰ গানৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দহ মে’ৰ আগতে দিব৷ এক লাখ নিযুক্তি দি উত্তৰ দিব মুখ্যমন্ত্ৰীয়ে৷ ভূপেনৰ গানত এক নম্বৰো দিব নোৱাৰি, নম্বৰ মাইনাছতহে দিব পাৰি৷” লগতে কংগ্ৰেছৰ বহু বিধায়কৰ দেহটোহে কংগ্ৰেছৰ, মনটো BJPৰ লগত আছে বুলি দাবী কৰে বিধায়ক দিগন্ত কলিতাই ৷
মুঠতে কবিতাৰ পিছত গান লিখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জ্বলাই তুলিছে শাসকীয় BJPক৷