ৰাইনো এক্সপ্ৰেছ নামৰ এক নতুন অসমীয়া মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰৰ আজি গুৱাহাটীৰ চেণ্ট্ৰেল মলত এক গালা অনুষ্ঠানত প্ৰথমখন আনুষ্ঠানিক পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়। অনুষ্ঠানটো উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। ছবিখনৰ কলাকুশলী তথা সহযোগী কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, কণ্ঠশিল্পী দীপলীনা ডেকাৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কেইবাজনো বৰেণ্য ব্যক্তি উপস্থিতি আছিল।
এই ধৰণৰ প্ৰথম অনুষ্ঠানত এতিয়ালৈকে যিকোনো অসমীয়া চলচ্চিত্ৰৰ বাবে আটাইতকৈ ডাঙৰ পোষ্টাৰ মুকলি অনুষ্ঠান হিচাপে বিবেচিত হৈছে। ইয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে চলচ্চিত্ৰ বিপণনৰ এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব। গুৱাহাটীৰ চেণ্ট্ৰেল মলৰ সন্মুখভাগত এখন বিশাল পোষ্টাৰ উন্মোচন কৰা হয় আৰু ছবিখনৰ ট্ৰেইলাৰ একেটা চৌহদতে থকা চিনেপলিছ থিয়েটাৰত মুকলি কৰা হয়।
মণি সিনহাই পৰিচালনা কৰা এই বহুতাৰকাযুক্ত অসমীয়া মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰখনত আছে প্ৰচুৰ হাস্যৰস, একচন তথা ৰোমাঞ্চ। চলচ্চিত্ৰখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, উদয়ন দুৱৰা, অমৃতা গগৈ, বিবেক বৰা, জীৎ বৰুৱা আৰু ৰাজীৱ বৰঠাকুৰ। তাৰোপৰি সহায়ক ভূমিকাত অভিনয় কৰিছে জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰী চেতনা দাস আৰু জয়ন্ত ভাগৱতীয়ে। ৪ মাৰ্চ ২০২২ তাৰিখে সমগ্ৰ অসমতে মুক্তি পাবলগীয়া চলচ্চিত্ৰখন খুশী এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰ্মাণ কৰিছে অজয় বাৰ্মাই।
মহামাৰীৰ মাজত, এই নতুন পাৰিবাৰিক মনোৰঞ্জনে দৰ্শকৰ চাপপূৰ্ণ জীৱনক সকাহ দিবলৈ তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গক ডাঙৰ পৰ্দাত এক সুবিধা প্ৰদান কৰিব। মই নিশ্চিত যে চলচ্চিত্ৰৰ এই নতুন মুক্তিয়ে অসমৰ চলচ্চিত্ৰ উদ্যোগত সতেজ পৰিবেশৰ সৃষ্টি কৰিব’, ছবিখনৰ পৰিচালক মণি সিনহাই এইদৰে কয়।