উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন বিষয়টো চৰকাৰে আঁতৰোৱা হ’ব বুলি কোৱাৰ পিছতে শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। শেহতীয়াকৈ শিক্ষামন্ত্ৰীয়ে এই বিশেষ ঘোষণা কৰিছে। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা আতৰাই দিয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে অসম চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
কলিয়াবৰৰ আগশাৰী বিদ্যালয় কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলেও শংকিত হৈ পৰা দেখা গ’ল। বিদ্যালয়খনত প্ৰথম বৰ্ষত শতাধিক ছাত্ৰীয়ে স্বদেশ অধ্যয়ন বিষয়টো পাঠ্যক্ৰম হিচাপে লোৱাৰ বিপৰীতে দ্বিতীয় বৰ্ষত পঞ্চাছ গৰাকী ছাত্ৰীৰ আছে বিষয়টো। ফলত চৰকাৰক বিষয়টো উঠাই নল’বলৈ আহ্বান ছাত্ৰীসকলৰ। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থায়ো চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰা দেখা গ’ল। আনহাতেদি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষালৈ মাত্ৰ এমাহ দিন বাকী থকাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তত শিক্ষাৰ্থীসকল শংকিত হৈ পৰাৰ কথা জানিবলৈ দিছে।
উল্লেখ্য যে, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই ঘোষণা কৰা আগতেই AHSEC-এ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা দুটা ঐচ্ছিক বিষয়-বিহু আৰু স্বদেশ অধ্যয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বিৰোধী দলসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছিল।