অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। ভূৱন গামক মাজুলীৰ বিজেপি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰিলে বিজেপিৰ হাইকমাণ্ডে।
উল্লেখ্য যে, ৰাজ্যিক বিজেপিয়ে তিনিজনীয়া প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতেই কেন্দ্ৰই মোহৰ মাৰিলে ভূবন গামৰ নামত। বহু সমস্যাৰে জৰ্জৰিত মাজুলীত বিজেপিয়ে কাক প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিব বিজেপিয়ে তাক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতেই নিশ্চিত হ’ল ভুৱন গামৰ নাম।
উল্লেখ্য যে, ৭ মাৰ্চত মাজুলীত হ’বলগীয়া উপনিৰ্বাচনক লৈ অৱশ্যে এতিয়ালৈকে অন্য দল সমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। অন্যহাতে মাজুলীৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৯ মাৰ্চত।