ডিব্ৰুগড়ৰ গ’ল্ডেন পাৰ্ল চাহ সোমবাৰে গুৱাহাটীস্থিত চাহ নিলাম কেন্দ্ৰত বিক্ৰী হয় প্ৰায় ১ লাখ টকাত।
প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকাত চাহ বিক্ৰী কৰি আন অভিলেখ গঢ়িলে অসমৰ চাহপাতে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ মনোহৰী গল্ড টি ৯৯,৯৯৯ টকাত বিক্ৰী হৈছিল।
উল্লেখ্য যে, ২০১৮ চনত স্থাপিত ডিব্ৰুগড়ৰ নাহৰচুকবাৰী টি ফেক্টৰীটোৱে গুণগত চাহ প্ৰস্তুত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় কৰি ফেক্টৰীটোৱে ব্যৱসায় চলাই আহিছো।