নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে। এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব। নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে। এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব। প্ৰাক ক’ভিড পৰিস্থিতিলৈ ঘূৰি আহিল ৰাজ্য।
পুৱা ৬ বজাৰ পৰা সকলো প্ৰত্যাহাৰ হ’ল কোভিড নিষেধাজ্ঞা। সোমবাৰে এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। অৱশ্যে ক’ভিড আচৰণ বিধি মানি চলাটো বাধ্যতামূলক হ’ব। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে ৰাজহুৱা স্থানত যাবলৈ ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।
চিকিৎসালয়, বিমান বন্দৰ, ৰে’ল ষ্টেচন আদিত থকা ক’ভিড পৰীক্ষাৰ সকলো নিয়ম প্ৰত্যাহাৰ কৰা হৈছে। এতিয়া সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব। বিবাহ, মৃতকৰ সৎকাৰ আদি কাৰ্যতো কোনো বাধা নিষেধ নাথাকিব। বজাৰ-সমাৰ, ছবিগৃহকে ধৰি শ্বপিং মল আদি সম্পূৰ্ণ খোলা থাকিব। ৰাজ্যৰ বিদ্যালয়- মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহো প্ৰাক ক’ভিড কালৰ দৰেই স্বাভাৱিক ৰূপত আৰম্ভ হ’ব।