১ লাখ নিবনুৱাৰ ভিতৰত প্ৰথমেই যতীন বৰাই নিযুক্তি লাভ কৰিলে, এই মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ১ লাখ নিবনুৱাক হিচাপ কৰি কৰি চাকৰি দিব। অসম বিধানসভাৰ মজিয়াত তেওঁ সদম্ভে ঘোষণা কৰিছিল চৰকাৰ গঠনৰ এটা বছৰৰ ভিতৰত তেওঁ ১ লাখতকৈ এজনো কম নোহোৱাকৈ নিবনুৱাক সংস্থাপন দিব। প্ৰয়োজনত ১ লাখতকৈ ২, ৩ জনক বেছিকৈহে সংস্থাপন দিব।
কিন্তু চৰকাৰৰ গঠনৰ ৯ মাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যৰ নিবনুৱাই সংস্থাপনৰ বাবে চৰকাৰৰ নিযুক্তিলৈ অপেক্ষা কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৬০ হাজাৰ পদৰ বাবে ইতিমধ্যে বাচনি পক্ৰিয়া আৰম্ভ হৈছে বুলি কোৱাৰ লগে লগে বিতৰ্কৰ সূচনা হৈছে।
ক’ত, কেতিয়া, কেনেকৈ এই ৬০ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পালে বা নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ল, সেই বিষয়ে কোনো তথ্য নাই। সেয়েহে মুখ্যমন্ত্ৰীৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৬০ হাজাৰ নিযুক্তিৰ প্ৰসংগত কয় যে, নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যতীন বৰাক সংস্থাপন দি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ১ লাখ নিবনুৱাৰ ভিতৰত প্ৰথমেই যতীন বৰাই নিযুক্তি লাভ কৰিলে। যতীন বৰাক APDCLত ভাল পদবী দি নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ট আগুৱাই গৈছে।