এক ঐতিহাসিক ক্ষণৰ বাবে আগবাঢ়িছে দেশৰ ক্ৰীড়া ক্ষেত্ৰ। ২০২৩ বৰ্ষত মায়ানগৰী মুম্বাইত অনুষ্ঠিত হ’ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ অধিৱেশন। ভাৰতে ইতিমধ্যে ১৩৯ সংখ্যক এই অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে অনুমোদন লাভ কৰিছে।
উল্লেখ্য যে ১৯৮৩ চনত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল আন্তৰ্জাতিক অলিম্পিক সমিতিৰ প্ৰথমখন বৈঠক। সুদীৰ্ঘ সময়ৰ পিছত পুনৰ ২০২৩ ত ভাৰতত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ এই বৈঠক। এই বৈঠকত আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে অলিম্পিক চাৰ্টাৰ আৰু অলিম্পিকৰ আয়োজনৰ বাবে স্থান নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
এই বিষয়ত দেশৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে এক টুইট কৰি কয় যে, আগন্তুক বছৰত ভাৰতত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ অধিৱেশন অনুষ্ঠিত হ’ব। যি এক ঐতিহাসিক মুহূৰ্ত। যোৱা বছৰবোৰত ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰত বহু অগ্ৰগতি লাভ কৰিছে। এই ঐতিহাসিক অনুষ্ঠানটোৰ বাবে ভাৰতীয় প্ৰতিনিধি দলৰ অংশ হ’বলৈ পাই মই উৎসাহিত আৰু গৌৰৱান্বিত।