ভাৰতীয় ক্ৰিকেট দললৈ দুখবৰ। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছে সূৰ্যকুমাৰ যাদৱ আৰু দীপক চাহৰ। আঘাতৰ সমস্যাত ভূগি থকাৰ বাবেই তেওঁলোক দুজনক দলৰ পৰা বাহিৰ কৰিব লগীয়া হৈছে।
উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ মেচৰ সময়ত ফিল্ডিং কৰাৰ সময়ত হাতত আঘাত লাভ কৰিছিল সূৰ্যকুমাৰে। সেইদৰে, দীপক চাহাৰো বলিংৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল।
ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথম খন টি-২০ অহা ২৪ ফেব্ৰুৱাৰীত লক্ষ্ণৌত আৰু দ্বিতীয়, তৃতীয় টি-২০ ৰ মেচ ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ধৰ্মশালাত অনুষ্ঠিত হ’ব। দুয়োটা দলৰ মাজত দুখন টেষ্টৰ প্ৰথমখন ৪ ৰ পৰা ৮ মাৰ্চলৈ মোহালিত আৰু দ্বিতীয়খন ১২ ৰ পৰা ১৬ মাৰ্চলৈ বেংগালুৰুত অনুষ্ঠিত হ’ব।