ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰাৰ পৰিবেশ সৃষ্টি হোৱাৰ মাজতেই আন দুখন দেশৰ সেনাৰ মাজত যুদ্ধৰ সৃষ্টি হোৱাৰ খবৰে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাকিস্তানৰ পৃষ্ঠপোষকতাতে তালিবানে আফগানিস্তান দখল কৰাৰ কথা বিশ্বৰ সকলোৰে জ্ঞাত। আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিবলৈ পাকিস্তানে আন্তঃৰাষ্টীয় মঞ্চত চেষ্টা চলাই আছে।
তাৰ মাজতে শেহতীয়াকৈ কান্দাহাৰৰ স্পিন বোল্ডক জিলাৰ ডুৰাণ্ড লাইনত তালিবানী সেনা আৰু পাকিস্তান সেনাৰ মাজত সংঘাত আৰম্ভ হৈছে। যাৰ পৰিণতিত ২০ জনৰো অধিক আহত হোৱাৰ লগতে ৩ জন নিহত হৈছে। কান্দাহাৰৰ সূত্ৰ অনুসৰি, পাকিস্তানী সৈন্যই স্পিন বোল্ডক গেটত এগৰাকী আফগান শিশুক প্ৰহাৰ কৰে। ইয়াৰ পিছতে আফগান নিৰাপত্তা বাহিনীয়ে পাকস্তানী সেনা জোৱানজনৰ ওপৰত গুলীচালনা কৰে।
বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱাৰ পিছতে এই ঘটনাই প্ৰায় যুদ্ধ সদৃশ পৰিবেশলৈ ৰূপান্তৰ হয়। দুয়ো দেশৰ নিৰাপত্তাবাহিনীৰ মাজৰ এই সংঘাতৰ ফলত ২০ জন আহত হোৱাৰ লগতে ৩ জনৰ মৃত্যু হয়।