দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উৎকণ্ঠা অব্যাহত আছে৷ ইতিমধ্যে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাত কেইবাটাও পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু মণিপুৰত অহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত বৰ্তমানলৈকে ১০০০ কোটিৰো অধিক নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰা হৈছে৷
ভাৰতৰ নিৰ্বাচন আয়োগৰ বিবৃতি অনুসৰি, ৫১০.৯১ কোটি টকা জব্দৰে পঞ্জাব তালিকাৰ শীৰ্ষত আছে৷ উত্তৰ প্ৰদেশৰ পৰা জব্দ কৰা হৈছে ৩০৭.৯২ কোটি টকা৷ একেদৰে মণিপুৰৰ পৰা ১৬৭.৮৩ কোটি, উত্তৰাখণ্ডৰ পৰা ১৮.৮১ কোটি আৰু গোৱাৰ পৰা ১২.৭৩ কোটি টকা জব্দ কৰা হৈছে৷
আনহাতে, ৰাজ্যকেইখনৰ পৰা ৫৬৯.৫২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য, ১১৫.৫৪ কোটি টকা মূল্যৰ মূল্যৱান ধাতু আৰু ৯৩.৫ কোটি টকাৰ বিনামূলীয়া সামগ্ৰীও জব্দ কৰা হৈছিল৷
উল্লেখ্য যে,পাঁচখন ৰাজ্যত চলোৱা অভিযানৰ বাবে আয়োগে ২২৮জন ব্যয় পৰ্যবেক্ষক নিয়োজিত কৰিছিল।