ছছিয়েল মিডিয়াৰ বিভিন্ন ভিডিও তথা ইনষ্টাগ্ৰামৰ প্ৰায়ভাগৰে ৰিলছত কেৱল এটাই গান,‘বাদাম বাদাম দাদা কাঁচা বাদাম । এজন বাদাম বিক্ৰেতাৰ এটা বাদাম বিক্ৰী শৈলীৰ গান । অনাকাক্ষিতভাৱে এই এটা শাৰীয়ে এতিয়া দেশৰ চাৰিওফালে জনপ্ৰিয় হৈ পৰিছে । লগে লগে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ নামৰ বাদাম বিক্ৰেতাজন।
কেৱল ভাৰতবৰ্যতেই নহয়,আন দেশ সমূহতো একেধৰনে জনপ্ৰিয়তা লাভ কৰিছে এই গীতটোৱে । বহু নামী-দামী তাৰকাই কাঁচা বাদাম গীতটোত ভিডিঅ’বনাইছে।
কিন্তু সোমবাৰে আহিল এটা বেয়া খবৰ । সোমবাৰে নিশা কাঁচা বাদামৰ গায়ক ভুৱন বাদ্যকৰ এটা দুৰ্ঘটনাত আহত হয়। লগে লগে তেওঁক পশ্চিমবংগৰ বীৰভূমৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে, ভুবনে গাড়ী চলাবলৈ শিকি থাকোতে দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত বুকুকে ধৰি তেওঁ শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে। সুস্থ নোহোৱা পৰ্যন্ত হাস্পতালতে থাকিব ভুৱন। উল্লেখ্য যে ভুৱন বাদ্যকৰ পশ্চিমবংগৰ বীৰভূম জিলাৰ কুৰালজুৰি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁৰ পৰিয়ালত আছে পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যা। বাদাম বিক্ৰী কৰি তেওঁ দৈনিক ২০০-২৫০ টকালৈকে উপাৰ্জন কৰিছিল। তেওঁ গ্ৰাম্য গ্ৰাহকসকলক তেওঁৰ কাষলৈ আকৰ্ষিত কৰিবলৈ ‘কাঁচা বাদম’ গানটো নিজৰ প্ৰস্তুত কৰা সুৰত গানটো গাবলৈ আৰম্ভ কৰিছিল।
এদিন হঠাতে কোনোবাই তেওঁৰ এই গানটো ৰেক’ৰ্ড কৰে আৰু ছ’চিয়েল মিডিয়াত আপলোড কৰে, যিটো কেইদিনমানৰ ভিতৰতে ভাইৰেল হৈ পৰে আৰু ভুৱন ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে।