শেহতীয়াকৈ উজনি অসমৰ বহু যুৱক-যুৱতী বিদ্ৰোহী সংগঠনৰ আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ইতিমধ্যে বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে যোগদান কৰিছে আলফা স্বাধীনত । এইবাৰ পুনৰ তিনিচুকীয়াৰ পৰা দুজন যুৱক আলফা স্বাধীনলৈ বুলি ৰাওনা হৈছিল ।
উল্লেখনীয় ভাৱে, যাত্ৰা পথতে সেনা আৰু তিনিচুকীয়া আৰক্ষীৰ এটা দলে আটক কৰে যুৱক দুজনক । এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে অভিযান চলাই সেনাৰ ৰূপাইস্থিত ৰেড চিল্ড ডিভিজন আৰু তিনিচুকীয়া আৰক্ষীৰ এটা যৌথ দলে উদ্ধাৰ কৰে যুৱক দুজনক ।
যুৱক দুজনৰ পৰা এটা মবাইল ফোনৰ লগতে ফোন নম্বৰ থকা এখন ডায়েৰী উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতেই উদ্ধাৰ হোৱা দুই যুৱকক পৰিয়ালৰ হাতত চমজাই দিয়ে তিনিচুকীয়া আৰক্ষীয়ে ।