প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়া-ইউক্ৰেইন সংকট সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত অপাৰেচন গংগাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাকে ধৰি ইউক্ৰেইনৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা হৈছে। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু এন এছ এ অজিত ডোভাল উপস্থিত আছিল।
ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ লোৱা পদক্ষেপক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীৰ এইখন ৮ম খন বৈঠক। ইয়াৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক দ্ৰুতগতিত স্থানান্তৰ কৰাটো নিশ্চিত কৰিবলৈ ইউক্ৰেইন সীমান্তৰ চাৰিখন দেশলৈ ৪ জন কেন্দ্ৰীয় মন্ত্ৰীক পঠিয়াইছে। তেওঁলোকৰ তত্বাৱধানত উদ্ধাৰ অভিযান অধিক ত্বৰান্বিত কৰা হৈছে।