ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ তথা বিবাদ অৱসানৰ বাবে একাধিক আলোচনা হোৱাৰ পাছতো বৰ্তমানলৈকে কোনো সমাধান ওলোৱা নাই এই যুদ্ধৰ।
ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ প্ৰমুখে কয় যে, ভালাদিমীৰ জেলেস্কীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ বাবে সাজু হৈছে।
অন্যহাতে যুদ্ধৰ মাজতেই ৰবিবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমৈনুৱেল মৈক্ৰোই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে। ইয়াৰোপৰি তুৰ্কী ৰাষ্ট্ৰপতিৰ সৈতেও ৰবিবাৰে বাৰ্তালাপ কৰি পুটিনে কয় যে ইউক্ৰেইনে ৰাছিয়াৰ চৰ্ত মানিলেহে যুদ্ধ সমাপ্ত কৰিব অন্যথা যুদ্ধ অব্যাহত ৰাখিব।
উল্লেখ্য যে, ১০ দিনৰো অধিক দিন ধৰি তলি আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। এই যুদ্ধৰ ফলত ইউক্ৰেইনৰ বহু চহৰ ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে বিশ্ব অৰ্থনীতিটো বাৰুকৈ প্ৰভাৱ পেলাইছে।