অৱশেষত ইউক্ৰেইনৰ বিৰুদ্ধে সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়ান সেনা বাহিনীয়ে । ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে মানৱীয়তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল ৷ তাৰ পৰিপ্ৰেক্ষিতত আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক কৰা ব্যক্তিগত অনুৰোধৰ বাবে ৰাছিয়ান সেনাই মানৱীয়তাৰ খাতিৰত এই যুদ্ধ বিৰতি ঘোষণা কৰিছে ৷
উল্লেখ্য যে,যুদ্ধবিৰতিৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ ঝেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে মত বিনিময় কৰিব ।
এইটো সকলোৰে জ্ঞাত যে, ইউক্ৰেইনৰ বিৰুদ্ধে পুটিনৰ আক্ৰমণৰ বিষয়ত নীতি উলংঘনৰ সকলো তদন্তৰ বাবে ৪ মাৰ্চত ইউ এন এইচ আৰ চিৰ দুই-তৃতীয়াংশ দেশে ভোটদান কৰে ৷ কিন্তু ইয়াত ভোটদান কৰাৰ লগতে ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰস্তাৱৰ ক্ষেত্ৰত ভাৰতে দূৰত্বত অৱস্থান কৰাৰ বাবে পশ্চিমীয়া দেশসমূহৰ পৰা কঠিন প্ৰশ্নৰ সন্মুখীন হৈছে ভাৰত । বিগত ২৪ মাৰ্চত ৰাছিয়াৰ ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰথম যুদ্ধ ঘোষণা কৰিছিল ৷ তেতিয়াৰে পৰা দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দুবাৰকৈ বাৰ্তালাপ কৰিছে ৷