ৰ্তমান সময়ৰ এটা বিশ্বৰ বহুচৰ্চিত বিষয় ৰাছিয়া ইউক্ৰেইন। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত সংঘটিত হোৱা বিভিন্ন কাহিনী ভুৱা প্ৰচাৰ বৰ্তমান সময়ত পোহৰলৈ আহিছে । ইউক্ৰেইনৰ বহু লোকে নিজৰ প্ৰাণৰক্ষাৰ বাবে অন্য দেশলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰায় ১০ লাখ লোকে এৰিছে ইউক্ৰেইন। যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ এটি ১১ বছৰীয়া শিশুৱে অকলে ৰে’লত ১,০০০ কিলোমিটাৰ যাত্ৰা কৰি শ্লোভাকিয়াত উপস্থিত হয়।
সেই সময়ত শিশুটিৰ লগত আছিল এটা বেগ,মাকৰ এখন চিঠি,এখন পাচপোৰ্ট আৰু হাতত লিখা আছিল এটা টেলিফোন নম্বৰ। শ্লোভাকিয়াৰ মন্ত্ৰালয়ে শিশুটোৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, ইয়াৰ পাছতেই একাংশৰ বাবে প্ৰশংসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিশুটি।
১১ বছৰীয়া শিশুটিয়ে দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজিয়াত বাস কৰে। যোৱা সপ্তাহত ৰাছিয়াৰ সেনাই সেই স্থান দখন কৰিছিল। জানিব পৰা মত,তেওঁৰ পিতৃ-মাতৃয়ে অসুস্থ আত্মীয়ৰ যত্ন ল’বলৈ ইউক্ৰেইনত থাকিব লগা হৈছিল। কিন্তু সন্তানটিৰ সুৰক্ষাৰ স্বাৰ্থত শ্লোভাকিয়ালৈ শিশুটিক প্ৰেৰণ কৰে অভিভাৱকে।
শ্লোভাকিয়াত শিশুটিৰ কোনো আত্মীয় বাস কৰে। প্ৰাণৰ মমতাত অকলেই শ্লোভাকিয়াত উপস্থিত হয় কণমানি শিশুটি। শিশুটিৱে তেওঁৰ হাঁহি,নিৰ্ভীকতা আৰু এজন প্ৰকৃত হিৰোৰ দৰে সকলোৰে অন্তৰ জয় কৰিছিল।অৱশেষত ৰাজধানী ব্ৰাটিস্লাভাত থকা আত্মীয়ৰ হাতত শিশুটিক অৰ্পণ কৰে শ্লোভাকিয়াৰ মন্ত্ৰালয়ে। শিশুটিৰ মাতৃয়ে শ্লোভাকিয়াৰ মন্ত্ৰালয়ক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে।