ভাৰতৰ আগশাৰীৰ অটমটিভ ব্লেণ্ড টাটা মটছে অলপতে গুৱাহাটীস্থ সৰুসজাই বিমল কাৰ্ছত গ্রামাঞ্চলৰ গ্ৰাহকসকলৰ বাবে অনুভব’ নামৰ এটি ম’বাইল শ্বৰোম মুকলি কৰে। এই অনুষ্ঠানৰ ফ্লেগ হোষ্টিং কৰে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্রবন্ধক নীতী বিদ্যার্থী আৰু ব্যৱসায় বিশ্লেষক বিশ্বজিৎ ঘোষে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিমল কাৰৰ ডাইৰেক্টৰ আৰিহান্ত সৌৰাগী, অনুৰাগ সৌৰাগী, টাটা মটছৰ চিনিঅৰ মেনেজাৰ অভিক দাস, টাটা মটৰ প্ৰডাক্ট বিশেষজ্ঞ মানস প্রতিম দত্ত আৰু বিমল কাৰ্ছৰ জেনেৰেল মেনেজাৰ দীপাংকৰ দাস।
এই ব্যৱস্থাই ইয়াৰ গ্ৰাম্য বিপণন নীতিৰ সৈতে সংগতি ৰাখি, এই পদক্ষেপে তহটিল আৰু তালুকাত প্ৰসাৰ বৃদ্ধি কৰাত সহায় কৰিব লগতে গ্রাম্য জনসংখ্যা আৰু অৰ্থনীতিত ই যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিব। গ্রামা অঞ্চলত টাটা মটর্চ ব্ৰেণ্ডৰ সজাগতা বৃদ্ধি কৰাৰ বাবে সমগ্র দেশতে মুঠ ১০০টা মোবাইল শ্ব-ৰোম প্ৰসাৰিত কৰা হৈছে। এই মবাইল শ্ব-ৰোমবোৰে নিকটতম ডিলাৰসমূহত গ্রাহকসকলক ক্ৰয়ৰ অভিজ্ঞতা আগবঢ়োৱাত সহায় কৰিব আৰু তেওঁলোকক গাড়ীৰ নিউ ফৰেভাৰ পৰিসৰৰ বিষয়ে তথ্য প্ৰদান কৰাত সহায় কৰিব আৰু এছ. ইউ.ভি. আনুসঙ্গিক সামগ্রী বিত্তীয় আঁচনিৰ সুবিধা, টেষ্ট ড্ৰাইবুক কৰা আৰু বিনিময়ৰ বাবে মজুত থকা গাড়ীবোৰ মূল্যাঙ্কন কৰিব।