টাই আহোম সকলক জনজাতিকৰণ প্ৰদান আৰু টাই আহোম স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই দিল্লীৰ যন্তৰ-মন্তৰত আজি তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় ডেৰ শতাধিক টাইপাৰ কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰে দিল্লীৰ যন্তৰ-মন্তৰ।
এই প্ৰতিবাদত অংশ লোৱাৰ পূৰ্বে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে কয়- বিগত ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচন আৰু ২০১৬, ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেয়া বাস্তৱত ৰূপায়িত নহ’ল।
তেওঁ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰি কয়- যদিহে অনাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে লোকসভা বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ টাইপা বাধ্য হ’ব।
এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাটীমূৰীয়া, যুটীয়া সম্পাদক দিগন্ত তামুলী, দ্বীপজ্যোতি দুৱৰাৰ স্বাক্ষৰিত একোখনকৈ স্মাৰক পত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ প্ৰেৰণ কৰিব। উল্লেখ্য যে, দিলীপ গগৈ আৰু দিগন্ত শইকীয়াৰ নেতৃত্বৰ এশৰো অধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।