ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীত শেহতীয়াকৈ ভয়ানক ৰূপত বৃদ্ধি পাব ধৰিছে ATM প্ৰৱঞ্চনাৰ ঘটনা৷ ATMৰ পৰা টকা উলিয়াবলৈ অহা লোকক বিভিন্ন প্ৰকাৰে নিজৰ জালত পেলাই ATMৰ জৰিয়তে সাঁচতীয়া ধন লৈ উধাও হয় প্ৰৱঞ্চকৰ দলটো৷ বিশেষকৈ গুৱাহাটীত শেহতীয়াকৈ এই ঘটনা বৃদ্ধি পাব ধৰাত এই প্ৰৱঞ্চকৰ বিৰুদ্ধে এইবাৰ সষ্টম হৈ উঠিছে মহানগৰ আৰক্ষী৷ এনে প্ৰৱঞ্চকৰ কবলৰ পৰা সাৰিবলৈ ল’বলগীয়া সাৱধানতা সন্দৰ্ভত ৰাইজলৈ আজি মহানগৰ আৰক্ষীয়ে মুকলি কৰিলে কেতবোৰ পোষ্টাৰ৷
কেৱল পোষ্টাৰে নহয়, মহানগৰ আৰক্ষীয়ে ইতিমধ্য বেংক কৰ্তৃপক্ষৰে মিলি ATMৰ নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰাৰ বাবেও আলোচনাত মিলিত হৈছে ৷ কাৰণ বহু ATM চোৰ গুৱাহাটীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ অৱশ্য এইক্ষেত্ৰত ৰাইজৰো সহযোগিতা বিচাৰিলে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে৷ পিছে শেহতীয়াকৈ মহানগৰীত বৃদ্ধি পোৱা এই প্ৰবঞ্চনা ৰোধ কৰাত আৰক্ষী কিমান সফল হয়, সেয়া সময়েহে ক’ব৷