গাঁৱৰ চাৰিওফালে ঢোলৰ গুমগুমনি। জিলিহঁতে গোটই গাওঁখনতেই কাঞ্চনক বিচাৰি ফুৰিছে । আচৰিত কথা কাঞ্চন কতো নাই।
আন্ধাৰ হৈ আহিল। গোটেই লৰা ছোৱালী খিনি ভাগীহঁতৰ চোতালত লগ হৈছে। বৰ দুখ সকলোৰে।
আইতাকে দুখ মনেৰে কলে হেৰৌ মোৰ লখিমী জনীক কেনেকৈনো বিচাৰি আনো পৰহিলৈ গৰু বিহু তাই নোহোৱাকৈ বাৰু ভাল লাগিবনে।
কথা পাতি থাকোতে নঙৱামুখৰ পৰা এজন মানুহে মাত লগালে,
এয়া বিভূ শইকীয়াৰ ঘৰ হয়নে?
তেনেতে ভাগীয়ে মাত দিলে হয়, কিন্তু দেউতা এতিয়া নাই। মানুহজন নঙলা খুলি সোমাই আহিলে। আহিয়ে কলে, তোমালোকৰ বাৰু গৰু পোৱালি এটা হেৰাইছে নেকি, তেওঁৰ কথা শুনি গোটেই কেইটাই একে আষাৰে কলে, অ হয়টো
আইতাকে কলে তুমি কেনেকৈ জানিলা বাপু?
মোৰ নাম প্ৰদীপ দত্ত, সিপাৰৰ গাওঁখনত মোৰ ঘাই ঘৰ চাকৰি সূত্ৰে গুৱাহাটীত থাকো, কালিয়ে আহিলো আহি পাওতে এন্ধাৰেই হৈছিল গাওঁখন সোমাবলৈ লওতেই গৰু এজনী দৌৰি আহি মোৰ গাড়ীখনৰ আগতেই পৰিল!
তেনেতে ভাগীয়ে মাত দিলে, আমাৰ কাঞ্চন আছিল মানে, ভালে আছেনে কাঞ্চন?
তেনেতে মাকে কলে ৰহচোন তেওঁক কবলৈ দে…
অ, তাৰ পিছত মই আৰু মোৰ ৭ বছৰীয়া লৰা নিয়ৰ গাড়ীৰ পৰা নামি গৰু পোৱালীটোৰ ওচৰলে গলো, ককাকে অলপ আগুৱাই আহি তাক আমাৰ ঘৰলৈকে লৈ গ’ল।
ঘৰ পায়ে মোৰ লৰাটোৱে বৰ মৰম কৰিলে তোমালোকৰ কাঞ্চনক। চহৰত কেতিয়াও না দেখে যে, সি বেলেগ এখন পৃথিৱী পোৱা যেন হৈছে।
পুৱাই মই গোটেই গাওঁখনতেই খবৰ কৰিলো আমাৰ সিফালৰ কাৰো গৰু হেৰুৱা নাই পিছত সন্ধিয়া অহুকানে পহুকানে শুনি গম পালো কাঞ্চন আপোনালোকৰ বুলি।
এতিয়া ৰাতি হোৱাই লৈ নানিলো। শইকীয়া আহিলে খৰিকটীয়া তিনিআলি পাৰ হৈ মধুচুকৰ গাওঁখনৰ হিতেশ দত্তৰ ঘৰলৈ যাবলৈ কব। তাতেই আপোনালোকৰ কাঞ্চনক পাব।
এতিয়া আহিলো। লৰা ছোৱালীহঁত আমাৰ গাঁৱলৈ হুচৰি গাবলৈ নিমন্ত্রণ দি গলো মই দেই,
এই কথা শুনি সকলোৱে ফুৰ্তিটে কিৰিলি পাৰিলে।
এনেতে ভাগীৰ মাকে চাহ লৈ আনিলে, সেই সময়তে ভাগীৰ দেউতাকো আহি পালো। গোটেই কথাখিনি শুনি সকলোৱে বৰ সুখ পালে।
পিছদিনা গোটেই খিনিয়ে গৈ নিয়ৰহঁতৰ ঘৰ পালে। গৰু জনী আনিবলৈ যোৱা বুলি জানি নিয়ৰৰ বৰ দুখ লাগিল।
সি কলে, আৰু এদিন ৰাখো দিয়া নহলে।
তেনেতে দেউতাকে কলে, বাবু কাঞ্চনে বিহুত মাকহঁতক লগ নাপালে ভাল লাগিব জানো? তুমি যেনেকৈ ককা আইতাক লগ পাব আহিছা কাঞ্চনৰো মন যাব নহয় সোণ।
লগে লগে সি কাঞ্চনক মৰমতে গাটোত হাত ফুৰাই দিলে আৰু দৌৰি গৈ আইতাকৰ ওচৰ পালে।
ভাগী আৰু জিলিয়ে কলে, আমাৰ লগত বিহু মাৰিবলৈ যাবা নেকি তুমি?
প্ৰথমে সি মন কৰা নাছিল পাছত দেউতাকে কলে যাব যাব সন্ধিয়া মনো মামাৰ দোকানৰ পৰা ঢোল এটা আনি দিম মায়ে ধুতিখন পিন্ধাই দিব তাৰপাছত মই থৈ আহিম। সকলোৱে বৰ ফুৰ্তি পালে । ফুৰ্টিতে সকলোৱে চিঞৰিলে আজৈ কাঞ্চন।
হাঁহি ফুৰ্টি কৰি গোটেই জাকটো কাঞ্চনক লৈ ঘৰমুৱা হ’ল। বাটে বাটে গাই গ’ল
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা...
ইতি
তোমালোকৰ
মৌ মাহী