বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰৰ বিয়াৰ খবৰে এতিয়া অনুৰাগীসকলৰ মাজত যথেষ্ট কৌতহলৰ সৃষ্টি কৰিছে ৷ বৰ্তমান অধীৰ আগ্ৰহেৰে অনুৰাগীসকল ৰৈ আছে দুয়োৰে বিয়া উপভোগ কৰিবলৈ ৷
সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ কাৰ্যসূচী সবিস্তাৰে প্ৰকাশ পাইছে । ইতিমধ্যে বিবাহৰ তাৰিখ ঠিক কৰা হৈছে । সেই অনুসৰি, প্ৰেমিক যুগলে ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হ’ব । দুয়োগৰাকীয়ে অৱশ্যে এই প্ৰসংগত কোনো কথা প্ৰকাশ কৰা নাই ৷ গোপন সূত্ৰৰ পৰা জানিব পৰা মতে, চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিয়াখন । চেম্বুৰস্থিত আৰ কে ষ্টুডিঅ’ত বিয়াখন সম্পন্ন হ’ব । জানিব পৰা মতে,১৯৮০ চনত ৰণবীৰৰ পিতৃ-মাতৃ ক্ৰমে প্ৰয়াত অভিনেতা ঋষি কাপুৰ আৰু প্ৰবীণ তাৰকা নীতু কাপুৰেও একেটা স্থানতে বিবাহপাশত আৱদ্ধ হৈছিল ।
অতি অনুষ্টুপীয়াকৈ বিবাহপাশত আৱদ্ধ হ’ব ৰণবীৰ-আলিয়া । অতিথিৰ তালিকাত থকা অধিকাংশই পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুবৰ্গ ৷ ইপিনে বিয়ালৈ বি-টাউনৰ চেলিব্ৰেটীসকলৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালী, বৰুণ ধৱন, অয়ন মুখাৰ্জী, জয়া আখতাৰ, অৰ্জুন কাপুৰ, মাচাবা গুপ্তা, কৰণ জোহৰ, কৰীণা কাপুৰ খান আৰু চেইফ আলী খানকহে আমন্ত্ৰণ জনোৱা হ’ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ মুক্তি পাবলগীয়া ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ ছেটত ইজনে-সিজনৰ প্ৰেমত পৰিছিল । দুয়োজনৰে সম্পৰ্কৰ কথা ২০১৮ চনত সোণম কাপুৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ৰাজহুৱাকৈ প্ৰকাশ পাইছিল ৷ সামাজিক মাধ্যমত দুয়োৱে একেলগে একাধিক ফটো শ্বেয়াৰ কৰাৰ উপৰিও বহুবাৰ পৰিয়ালকেন্দ্ৰিক অনুষ্ঠানত দুয়োজনকে প্ৰত্যক্ষ কৰিছিল অনুৰাগীয়ে ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেতা-অভিনেত্ৰী দুগৰাকীয়ে ৷