১) আজি গৰু বিহু…প্ৰধানমন্ত্ৰী, কেজৰিৱালে অসমীয়াতে জনালে বিহুৰ শুভেচ্ছা
‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…’। আজি গৰু বিহু। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু।অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ।
২) ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনালে আছুৱে
ক’ভিড সংক্ৰমণৰ বাবে পূৰ্বৰ ধাৰাবাহিকতা ভংগ কৰি যোৱা দুটা বছৰে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে উদযাপন কৰি অহা মুকলি বিহু অনুষ্ঠান উদযাপন কৰাৰ পৰা বিৰত আছিল। বৰ্তমান পৰিৱশে উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমগ্ৰ অসমে অতি জাক-জমকতাৰে উদযাপন কৰিছে ৰঙালী বিহু।
৩) আম আদমী পাৰ্টীলৈ যাব ৰিপুন বৰা?
অসমৰ ৰাজনীতিৰ বাবে এক ডাঙৰ খবৰ। কংগ্ৰেছ নেতা ৰিপুন বৰাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে। ফেচবুকৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে।
৪) গৰু গা ধুৱাবলৈ গৈ মৃত্যু এজনৰ
গৰু বিহুৰ দিনাই বিশ্বনাথ চাৰিআলিত গৰু ধুৱাবলৈ গৈ মৃত্যু ঘটে এজন যুৱকৰ। বিশ্বনাথ চাৰিআলিৰ গড়েহাগী গাঁৱত সংঘটিত হ’ল এই ঘটনা। অজলাসুতি নৈত উটি গ’ল নিতুল কোঁচ নামৰ এজন যুৱক। গৰু নোৱাই নৈ ইপাৰ সীপাৰ হ’বলৈ চেষ্টা কৰোতেই এই অঘটন।
৫) ঐতিহাসিক ভোগদৈ নদীত সামূহিক গৰু গা ধুওৱা উৎসৱ
ৰাজ্যৰ চৌদিশে ৰঙালীৰ উচাহ । চ’ত আৰু ব’হাগ বিহুৰ সংক্ৰান্তিৰ দিনাই পালন কৰা হয় গৰু বিহু । যোৰহাটৰ ঐতিহাসিক ভোগদৈ নদীত সামূহিক গৰু বিহু তথা গৰু গা ধুওৱা উৎসৱ উদযাপন কৰা হয় ।