গৰু বিহু দিনাৰে পৰা ৰাজ্যত বতৰ ফৰকাল নহয়। বতৰৰ বাবে বিহুৰ অনুষ্ঠান চাবলৈ যোৱা সকলৰ মন সেমেকা। এনে সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে যে, ১৮ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে ৰাজ্যত পুনৰ হ’ব পাৰে প্ৰবল ধুমুহা-বৰষুণ।
উল্লেখ্য় যে, ১৪ এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ধুমুহা-বৰষুণত ১৫ জনকৈ লোকে মৃত্যুক সাৱটি লবলগীয়া হৈছে। বৰাক-ব্ৰহ্মপুত্ৰ উভয়তে তীব্ৰ ক্ষতিসাধন কৰা বৰষুণ, ধুমুহাই গোৱালপাৰাত এজন, বৰপেটাত তিনিজন, ডিব্ৰুগড়ত ৫ জন, তিনিচুকীয়াত ৩ জন, বাক্সাত এজন, তামুলপুৰত এজন আৰু কোকৰাঝাৰত এজন লোকৰ মৃত্যু হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অসমত বিশেষকৈ ধুুবুৰী, দক্ষিণ শালমৰা, বৰপেটা, বাক্সা, নলবাৰীকে ধৰি লখিমপুৰ, ধেমাজি, যোৰহাটতো প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ২১ এপ্ৰিললৈকে কেৱল অসমতে নহয়, চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰামতো হব ধুমুহা-বৰষুণ।