তৃতীয় ব’হাগৰ দিনা কামৰূপ জিলাৰ ছয়গাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ছয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০০৩ বৰ্ষৰ দশম শ্ৰেণীৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ এটি সামাজিক অনুষ্ঠান ‘বন্ধু’ ৰ উদ্যোগত পৰিবেশ সজাগতা সৃষ্টিৰ বাবে এক বৃক্ষৰোপণ কাৰ্যূসূচী তথা সমাজ দৰিদ্ৰ শ্ৰেণীক সহায়ৰ মানসেৰে এক বস্ত্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ছয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ৰ এই সামাজিক সংস্থা টোৱে তেওঁলোকৰ ‘প্ৰীতি -সন্মিলনৰ লগত সংগতি ৰাখি বিভিন্ন সামাজিক কাৰ্যসূচীৰে তেওঁলোকৰ দিনযোৰা বৰ্ষপূৰ্তি উদযাপন কৰে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক সংস্থাটোৰ বিষয়ববীয়া যশোবন্ত ঠাকুৰীয়া , প্ৰাঞ্জল দাস ,দীপক সাহাৰ নেতৃত্বত এটি সজাঁতি দলে ছয়গাওঁ চহৰৰ মাজ মজিয়াত ভিক্ষা মাগি থকা কেইবাটাও দুখীয়া পৰিয়ালক প্ৰয়োজনীয় কিছু বস্ত্ৰ প্ৰদান কৰে ৷ তাৰ পিছত সংস্থাটোৱে ছয়গাওঁস্থিত ঐতিহ্যমণ্ডিত মা চণ্ডিকা দেৱালয়ত বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰে ৷
উল্লেখ্য যে ৰাতিপুৱাতে গোটটোৱে কবি সাহিত্যিক হিমাংশু কুমাৰ কলিতাৰ সম্পাদনাত এটি পঢ়ি অহা বিদ্যালয় খনৰ লগত সংগতি ৰাখি এটি স্মৃতিচাৰণ ভিডিঅ’ মুকলি কৰে ৷ পিছলৈ অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ছয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ অম্বিকা প্ৰসাদ দেৱ শৰ্মা, একেখন বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক জ্যোতিপ্ৰসাদ কলিতা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তিয়ে ভৱিষ্যত প্ৰজন্মৰ উত্তৰণৰ হকে সাৰুৱা বক্তৃব্য আগবঢ়ায় ৷ এই অনুষ্ঠানটো পৰিচালনা কৰে পদ্ম দাস আৰু চিন্ময় কলিতাই ৷ সামাজিক সংস্থা তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এক গোট ‘বন্ধু’ ৰ এনে ব্যতিক্ৰমী প্ৰয়াসক সচেতন মহলে প্ৰংশসা কৰিছে