জানিব পৰা মতে সোমবাৰে পুৱা ১০ মান বজাত নাগালেণ্ডৰ ইম্পাঙ বস্তিৰ ৭ জনীয়া এটা নগা দলে পানীখেতিত টিনৰ চালিৰ এটা ঘৰ নিৰ্মাণ কৰি থকা দেখা পাই স্থানীয় ৰাইজে বৰহোলা আৰক্ষীক খবৰ দিয়ে। লগে লগে বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিলীপ চুতীয়া আৰু বোকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি দাস আৰু পানীখেতি বি পি অৰ প্লাটুন কামাণ্ডাৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলিলৈ ৰাওনা হয়।
অসম আৰক্ষীৰ আগমনৰ খবৰ পোৱাৰ লগে লগে অবৈধ ঘৰ নিৰ্মাণ কৰা নগা দলটো ঘটনাস্থলিৰ পাহাৰৰ ভিতৰলৈ পলায়ন কৰে। জানিব পৰা মতে, পলায়ন কৰাৰ সময়ত নগা দলটোৱে সীমান্ত ৰাইজ আৰু অসম আৰক্ষীক ভীতিগ্ৰস্ত কৰিব বাবে শূন্যলৈ কেইবাজাঁই গুলী ফুটোৱাৰ ফলত সীমান্তত হুৱাদুৱা লাগে। ইফালে অসম আৰক্ষীৰ এটা দলে নগাই নিৰ্মাণ কৰা অবৈধ টিঙৰ চালিখন ধবংস কৰি উচ্ছেদ কৰে।
উল্লেখযোগ্য যে, তিতাবৰ মহকুমা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবে নগাবাট পানীখেতিত নগাই এতিয়ালৈকে তিনিবাৰকৈ ঘৰ নিৰ্মাণ কৰি কেৱল উত্তেজনাময় পৰিবেশ সৃষ্টি কৰাই নহয় যোৰহাট জিলাৰ প্ৰশাসন আৰু অসম চৰকাৰক অসমৰ ভূমি বেদখল কৰি তথা নাগালেণ্ডত অসমীয়া লোকক প্ৰবেশ নিষিদ্ধ ঘোষণা কৰি এক মুকলি প্ৰত্যাহ্বান জনাইছে। ইয়াৰ পূৰ্বে নাগালেণ্ডৰ ইম্পাঙ বস্তিৰ নগাই পানীখেতিত যোৱা ২ ফেব্ৰুৱাৰী আৰু ১২ মাৰ্চত অসমৰ পকী খুঁটা আঁতৰাই প্ৰায় আঠ বিঘা ভূমি বেদখল কৰি ঘৰ নিৰ্মাণ কৰাকলৈ দুয়োখন ৰাজ্যৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল।
উল্লেখযোগ্য যে, সীমান্তত নগাৰ এনে সঘন ভূমি বেদখল চেষ্টা আৰু ঘৰ বনাই গোঁজেই গজালি হৈ অসমৰ মাটি আগ্ৰাসন কৰিব বুলি শংকিত হৈ পৰিছে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহতো সেই একেই ঠাইতে এজন নগালোকে অসমৰ সীমান্তৰ পকী খুঁটা পাৰ হৈ এটা টিংপাতৰ ঘৰ সাজি কৰি অসমৰ ৮ বিঘাকৈ মাটি বেদখলক কৰাকলৈ এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছিল।
পৰৱৰ্তী সময়ত নাগালেণ্ডে আছাম ৰাইফলছ আৰু নগা আৰক্ষী সমাবেশ ঘটাই এক যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰে। আজি পানীখেতিৰ বিবদমান এলেকাত অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই নগাই পুনৰ এটা ঘৰ নিৰ্মাণ কৰাৰ ফলত সীমান্তৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। উল্লেখযোগ্য যে, পানীখেতিত তৃতীয় আৰক্ষী বাহিনীৰ দুটাকৈ বেটিলিয়েনৰ কেম্প থকাৰ পাছতো কেনেদৰে বাৰে বাৰে অসম নাগালেণ্ডৰ ‘ ই’ চেক্টৰ অন্তৰ্গত পানীখেতিত অসমৰ মাটি বেদখল কৰিবলৈ সাহস গোটাব পাৰিছে তাক লৈ গভীৰ ৰহস্য সৃষ্টি হৈছে।