গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ। অসম জাতীয় পৰিষদে উত্থাপন কৰিছে এই অভিযোগ। অজাপৰ এই অভিযোগৰ ভিত্তিতে নিৰ্বাচনী আয়োগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়ত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘন কৰি গুৱাহাটীবাসীক পাহাৰত ভূমিৰ পট্টা দিয়াৰ লগতে প্ৰতিটো ৱাৰ্ডতে অৰুণোদয় আঁচনিৰ জৰিয়তে ১০০০ কৈ নতুন হিতাধিকাৰী নিৰ্বাচিত কৰা হ’ব বুলি ঘোষণা কৰিছিল। ইয়াৰ বিনিময়ত প্ৰতিটো ৱাৰ্ডক ১০ কোটি টকা প্ৰদান কৰিব লাগিব।