আজি বহাগৰ পাঁচ তাৰিখ অৰ্থাৎ সাঁত বহুৰ আজি জেং বিহু অথবা ঠাই ভেদে গাভৰু বিহু। সমগ্ৰ ৰাজ্যতে আজি এই বিশেষ দিনটোত কৰ্মসূত্ৰে বা বিবাহসূত্ৰে বাহিৰত থকা গাভৰুসকল মাকৰ ঘৰলৈ আহি লগৰ বান্ধৱীসকলক লগ পাই বিহু মাৰি আপোন ব’হাগক আদৰণি জনায়।
আজিৰ এই বিশেষ দিনটোত সকলোৱে পৰিয়ালৰ অন্যান্য জঞ্জালসমূহৰ পৰা আঁতৰি সমনীয়াৰ সৈতে দিনটো আনন্দ উল্লাসেৰে অতীতক স্মৰণ কৰি পাৰ কৰে আৰু পুৰুষৰ পৰা আঁতৰি হাবি বা পথাৰত সকলো গোট খাই বিহু মাৰে লগতে যি বাটৰে সেই নিদিৰ্ষ্ট স্থানলৈ মহিলাসকল যায় সেই পথত এডাল জেং পেলাই থয় যাতে পুৰুষ তাত সোমাব নোৱাৰে বা পুৰুষে তেওঁলোকৰ নাচ গীত আনন্দবোৰ চাব নোৱাৰে।
টীয়কত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি টীয়ক তেলীয়া গাঁৱৰ মহিলাই আজি বহাগৰ ৫ তাৰিখে সকলো বান্ধৱী গোট খাই জেং বিহু মাৰিছে। বিহু গীত আৰু টকাৰ মাতত প্ৰকৃতিক উন্মনা কৰাৰ প্ৰয়াস কৰি নানা ৰং ৰহস্যৰ মাজেদি আত্মহাৰা হৈছে। লগতে এই পৰম্পৰা যাতে উঠি অহা প্ৰজন্মও অনুকৰণ কৰি চেনেহৰ বিহুটি উদযাপন কৰে তাৰ উদ্দশ্য এইদৰে প্ৰতিবছৰৰ দৰে এইবাৰো এইসকল মহিলাই জেং বিহু অথবা গাভৰু বিহু পালন কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰিছে।