APSC কেলেংকাৰী গোচৰৰ ‘চাৰ্জ ফ্রেম’ সম্পন্ন।এই কেলংকাৰীত মুঠ ৬৭জন অভিযুক্তক ‘চাৰ্জ ফ্রেম’ কৰা হৈছে। আনহাতে কেলংকাৰীত অভিযুক্ত অধিবক্তা শৈলেন শইকীয়া, ব্যৱসায়ী সুৰজিৎ চৌধুৰীৰ বিৰুদ্ধে কোনো তথ্য, প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবে দুয়োজনক দোষমুক্ত ঘোষণা কৰা হৈছে। দোষমুক্ত হোৱা সুৰজিৎ চৌধুৰী কেলংকাৰীত অভিযুক্ত পল্লৱী চৌধুৰীৰ স্বামী।
আনহাতে দুই অভিযুক্ত সুদীপ দাস আৰু ৰাজীৱ পালক বৰ্তমান পলাতক ঘোষণা কৰিছে আদালতে। এই দুয়োজনৰ বিৰুদ্ধে এতিয়ালৈকে ‘চাৰ্জ ফ্ৰেম’ কৰা হোৱা নাই। ইয়াৰে ৰাজীৱ পাল APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ ভাতৃ। আনহাতে সুদীপ দাস আছিল ৰাকেশ পালৰ ব্যক্তিগত সহায়ক। ‘চাৰ্জ ফ্রেম’ কৰা ৬৭ জন অভিযুক্তৰ ভিতৰত ৬০ জনেই হৈছে প্রাৰ্থী। আনহাতে আন ৭ জন হৈছে APSCৰ সদস্য আৰু কৰ্মচাৰী। ৬৭ গৰাকীৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে ২১, ২২ আৰু ২৩ এপ্ৰিল। এই সময়ছোৱাত আদালতে সাক্ষ্য গ্ৰহণ কৰিব। গোচৰটোৰ সৈতে আছে কেইবাজনো ৰাজ সাক্ষী। ইফালে অভিযুক্তসকলৰ বিৰুদ্ধে যি ধাৰা প্ৰয়োগ কৰা হৈছে সেই ধাৰাত দোষী প্ৰমাণ হ’লে ১০ বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে বুলি জানিব পৰা গৈছে।