বিগত কিছুদিন ধৰি বতৰে তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ।
ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা খবৰ প্ৰায়ে আহিছে। পিছে এতিয়াই বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই।
যোৱা নিশা ধাকাষাৰ বৰষুণ হোৱাৰ পিছতেই পুনৰ শনিবাৰে নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনকি ঠায়ে ঠায়ে বতা-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে।
গুৱাহাটী মহানগৰীত শনিবাৰৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২২ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। ইফালে সোমবাৰে বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে যদিও অহা বুধবাৰৰ পৰা শনিবাৰ পৰ্যন্ত বতৰে ল’ব পাৰে অধিক ভয়াৱহ ৰূপ।